Jump to content

২০২৪: কাৰ্যসূচী

From Wikimania
This page is a translated version of the page 2024:Program and the translation is 88% complete.
Outdated translations are marked like this.
⧫ Collaboration of the Open ⧫

ৱিকিমেনিয়া ২০২৪ৰ কাৰ্যসূচী উপলব্ধ!

কাৰ্যসূচী Eventyay-ত প্ৰকাশ কৰা হৈছে। এইটো ৰাজহুৱাভাৱে উপলব্ধ—আপুনি অনুষ্ঠানটোৰ বাবে পঞ্জীয়ন কৰক বা নকৰক।

কাৰ্যসূচীটো সমাপ্ত হোৱাৰ পাছতহে অনুষ্ঠানটো ৱিকিত কপি কৰা হ’ব। বৰ্তমানৰ বাবে Eventyay-এই হৈছে সময়সূচীৰ বিহিত উৎস।

Session notes on Etherpad

তাৰিখ আৰু সময়

All times listed below are in the local timezone (CEST).

মূল সন্মিলনৰ তাৰিখসমূহ

  • মঙলবাৰ, ৬ আগষ্ট: কাট’ৱিচ নগৰৰ আশে-পাশে ভ্ৰমণ আৰু অন্যান্য কাৰ্যসূচী। ডায়ামেণ্ট প্লাজা হোটেলত দিনজোৰা আড্ডাৰ স্থান। এইদিনা কোনো সন্মিলনৰ কাৰ্যসূচী নাথাকে। কিছুমান গোট আৰু সমিতিয়ে নিজ-নিজ সভাৰ আয়োজন কৰিব পাৰে।
  • বুধবাৰ, ৭ আগষ্ট: স্থানীয় সময় অনুসৰি ৯:০০ বজাৰ পৰা ১৭:০০ বজালৈকে আইচিচি কাট’ৱিচত নিয়মীয়া কাৰ্যসূচী। সন্ধিয়াৰ ভাগত ৱিকিমিডিয়ান অৱ দি ইয়েৰ-কে ধৰি মুকলি অনুষ্ঠান ।
  • বৃহস্পতিবাৰ, ৮ আগষ্ট: স্থানীয় সময় অনুসৰি ৯:০০ বজাৰ পৰা ১৭:৪৫ বজালৈকে আইচিচি কাট’ৱিচত নিয়মীয়া অনুষ্ঠান। সন্ধিয়াৰ ভাগত কাৰ্যকলাপ।
  • শুকুৰবাৰ, ৯ আগষ্ট: স্থানীয় সময় অনুসৰি ৯:০০ বজাৰ পৰা ১৭:৪৫ বজালৈকে আইচিচি কাট’ৱিচত নিয়মীয়া অনুষ্ঠান। সন্ধিয়াৰ ভাগত প’ষ্টাৰ অধিৱেশন।
  • শনিবাৰ, ১০ আগষ্ট: স্থানীয় সময় অনুসৰি ৯:০০ বজাৰ পৰা ১৭:৪৫ বজালৈকে আইচিচি কাট’ৱিচত নিয়মীয়া কাৰ্যসূচী। সন্ধিয়াৰ ভাগত সামৰণি অনুষ্ঠান আৰু পাৰ্টী।
  • দেওবাৰ, ১১ আগষ্ট: প্ৰস্থান। নগৰৰ আশে-পাশে কিছুমান কাৰ্যসূচী।

তলত দিয়া অধিক বিশদ সূচীৰ গ্ৰিডটো চাওক।

সময়সূচীৰ সংক্ষিপ্ত বিৱৰণ

ৱিকিমেনিয়া কাৰ্যসূচীৰ সময়সূচীৰ সংক্ষিপ্ত বিৱৰণ
প্ৰেক্ষাগৃহ
লাইভষ্ট্ৰীম + ব্যাখ্যা
ধাৰ্য সময় অনুসৰি
পৃথক অধিৱেশনৰ কোঠা (মুঠ ৭টা)
৮টা কোঠাত লাইভষ্ট্ৰীম + ব্যাখ্যা।
কেৱল 2টা কোঠাত লাইভষ্ট্ৰীম।
এটা কোঠাত কোনো লাইভষ্ট্ৰীম বা ব্যাখ্যা নাথাকিব।
বৃহৎ কোঠা মুখ্য সভাঘৰ
লাইভষ্ট্ৰীম + ব্যাখ্যা
ধাৰ্য সময় অনুসৰি
বুধ ৭ আগষ্ট 9:00 – 9:45
(অভিযোজনৰ অধিৱেশন)
10:00 – 12:00
(অধিৱেশনৰ খণ্ড A)

13:30 – 15:00
(অধিৱেশনৰ খণ্ড B)

15:30 – 17:00
(অধিৱেশনৰ খণ্ড C)

ৱিকিমহিলা সন্মিলন 17:00 – 19:00
(মুকলি অনুষ্ঠান আৰু ৱিকিমিডিয়ান অৱ দি ইয়েৰ)

We invite you to wear your traditional outfit!

বৃহস্পতি ৮ আগষ্ট 9:00 – 9:45
(মূল ভাষণ ১)

15:30 – 17:00
(ক্ষিপ্ৰ আলোচনাৰ প্ৰদৰ্শনী ১)

17:15 – 17:45
(মূল ভাষণ ২)

10:00 – 12:00
(অধিৱেশনৰ খণ্ড A)

13:30 – 15:00
(অধিৱেশনৰ খণ্ড B)

15:30 – 17:00
(অধিৱেশনৰ খণ্ড C)

হেকাথন একো নাই
শুকুৰ ৯ আগষ্ট 9:00 – 9:45
(মূল ভাষণ ৩)

15:30 – 17:00
(ক্ষিপ্ৰ আলোচনাৰ প্ৰদৰ্শনী ২)

17:15 – 17:45
(মূল ভাষণ ৪)

10:00 – 12:00
(অধিৱেশনৰ খণ্ড A)

13:30 – 15:00
(অধিৱেশনৰ খণ্ড B)

15:30 – 17:00
(অধিৱেশনৰ খণ্ড C)

17:45 – 19:00
(poster session)
শনি ১০ আগষ্ট 9:00 – 9:45
(মূল ভাষণ ৫)

15:30 – 17:00
(হেকাথনৰ প্ৰদৰ্শনী)

10:00 – 12:00
(অধিৱেশনৰ খণ্ড A)

13:30 – 15:00
(অধিৱেশনৰ খণ্ড B)

15:30 – 17:00
(অধিৱেশনৰ খণ্ড C)

17:15 – 17:45
(হস্তান্তৰ আৰু সামৰণি অনুষ্ঠান)

এইসমূহৰ বাবে অতিৰিক্ত কোঠা আবণ্টন কৰা হ’ব:

  • প্ৰাৰ্থনা-কোঠা
  • সামাজিক স্থান
  • নীৰৱ কোঠা
  • শিশু-যত্নৰ কোঠা

অধিৱেশনসমূহ

স্পিৰিট অৱ ৱিকিমেনিয়া ২০২৪

ৱিকিমেনিয়া কাৰ্যসূচী অভিযোজন আৰু প্ৰশ্নোত্তৰ অধিৱেশন ৰেকৰ্ডিং

এইবাৰৰ মনোভাৱ হৈছে মুক্তৰ সহযোগিতা। আমি আপোনাক আপোনাৰ দাখিলকৰ‌ণ প্ৰস্তুত কৰোঁতে, সম্ভাব্য বিষয় বাছনি কৰোঁতে আৰু দৰ্শকৰ বিষয়ে চিন্তা কৰোঁতে আপোনাৰ বিষয়(সমূহ)ৰ সহযোগিতামূলক আৰু মুকলি দিশসমূহ বিবেচনা কৰিবলৈ কওঁ।

দৰ্শকসকলে কি শিকিব পাৰিব আৰু/বা তেওঁলোকে আপোনাৰ প্ৰচেষ্টাত কেনেদৰে যোগদান কৰিব পাৰিব? আমি বিশেষভাৱে ৱিকিমিডিয়াৰ সীমা অতিক্ৰম কৰি বৰ্তমানৰ গোটসমূহকো চেৰ পেলাই যোৱা দাখিলকৰ‌ণসমূহ চাবলৈ ভাল পাম। আমি মুক্ত গৱেষণা, মুক্ত তথ্য, মুক্ত চৰকাৰ-সম্বন্ধীয় দাখিলকৰ‌ণসমূহক আদৰণি জনাইছোঁ – যিবোৰ উদ্যোগে ৱিকিমিডিয়ানসকলক বিস্তৃত বিশ্বৰ সৈতে সংযুক্ত কৰিব পাৰিব, আনক অনুপ্ৰাণিত কৰিব পাৰিব আৰু মুক্ত জ্ঞানৰ প্ৰভাৱ শক্তিশালী কৰিব পাৰিব। আমি লগতে ৱিকিমিডিয়া গোষ্ঠীৰ ভিতৰত বা তাতোকৈ ভাল, ৱিকিমিডিয়া গোষ্ঠী আৰু নন-ৱিকিমিডিয়ানসকলৰ মাজত শিক্ষা, সংস্কৃতি, প্ৰযুক্তি, শাসন, আৰু বহুতো ক্ষেত্ৰত স্পষ্টকৈ সহযোগিতা দেখা পোৱা লোকসকলৰ দাখিলকৰ‌ণসমূহক আদৰণি জনাইছোঁ।

কাৰ্যসূচীৰ ট্ৰেকসমূহ

কাৰ্যসূচীৰ দাখিলকৰ‌ণসমূহ সংগঠিত আৰু পৰ্যালোচনা কৰাটো সহজ কৰি তুলিবলৈ আমি কাৰ্যসূচীৰ ট্ৰেকৰ ১২টা পৰামৰ্শ আগব‌ঢ়াইছোঁ। আপোনাৰ কাৰ্যসূচীৰ ধাৰণাৰ সৈতে কোনটো আটাইতকৈ ভালদৰে খাপ খায় সেইবিষয়ে ভাবি চাওক। যদি আপোনাৰ দাখিলকৰ‌ণ একাধিক ট্ৰেকৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, তেন্তে আপুনি দাখিলকৰ‌ণৰ প্ৰ-পত্ৰত এটা গৌণ ট্ৰেক উল্লেখ কৰিব পাৰে।

  • শিক্ষা – শিক্ষা আৰু শৈক্ষিক জগতৰ ক্ষেত্ৰত পদক্ষেপ আৰু কাৰ্যসূচী
  • GLAM – ঐতিহ্য আৰু সাংস্কৃতিক সংৰক্ষণৰ পদক্ষেপ আৰু কাৰ্যসূচী, সাংস্কৃতিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা য’ত গেলেৰী, পুথিভঁৰাল, লেখাগাৰ, সংগ্ৰহালয় আৰু বহুতো অন্তৰ্ভুক্ত
  • অংশীদাৰিত্ব – ৱিকিমিডিয়া আন্দোলন আৰু ইয়াৰ কাৰ্যকলাপসমূহক বাহিৰা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযুক্ত কৰি উপকাৰী ফলাফল প্ৰদান কৰা পদক্ষেপসমূহ।
  • প্ৰযুক্তি – ৱিকিমিডিয়া আন্দোলনত সামগ্ৰী আৰু প্ৰযুক্তি
  • সামূহিক লিপ্ততা – নতুন সম্পাদকসকলক আকৰ্ষিত কৰি অৱদানকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰা কাৰ্যকলাপ, যাতে তেওঁলোকক স্বাগতম জনোৱা আৰু তেওঁলোক যাত্ৰাৰ বাবে থাকিবলৈ ইচ্ছুক হোৱাটো নিশ্চিত কৰিব পৰা যাওক।
  • সামূহিক স্বাস্থ্য – ইতিমধ্যে সক্ৰিয় হৈ থকা সম্পাদক আৰু অৱদানকাৰীসকলক গুচি নোযোৱাকৈ ৰখাৰ সৈতে জড়িত বিষয়সমূহ। তেওঁলোকে অৱদান আগবঢ়োৱা অব্যাহত ৰাখিব পৰাকৈ লাগতিয়ালখিনি তেওঁলোকক কেনেদৰে প্ৰদান কৰিব পাৰি।
  • গৱেষণা – ৱিকিমিডিয়া আৰু স্পিৰিট অৱ ৱিকিমেনিয়াৰ বাবে প্ৰাসংগিক বিষয়ৰ সৈতে গৱেষণা, লগতে এনে গৱেষণা যি ৱিকিমিডিয়াৰ তথ্য আৰু বিষয়বস্তু ব্যৱহাৰ কৰে
  • বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি – বিভিন্ন বৰ্গৰ বাবে সেৱা আগবঢ়াবলৈ আৰু সকলোকে আমন্ত্ৰণ জনাবলৈ ৱিকিমিডিয়াৰ প্ৰকল্পসমূহে যিমান পাৰি সিমান বিস্তৃত বৰ্গৰ দৰ্শকক আকৰ্ষণ কৰা আৰু যিমান পাৰি সিমান বিস্তৃত বৰ্গৰ অৱদানকাৰীয়ে সম্পাদনা কৰিব পৰাটো নিশ্চিত কৰা।
  • আইনী আৰু ওকালতি – প্ৰতিলিপিস্বত্ব আৰু ডিজিটেল সহজলভ্যতা, চেন্সৰশ্বিপ আৰু অপপ্ৰচাৰ / ভুল তথ্য, ৰাজহুৱা নীতি আৰু মানৱাধিকাৰ
  • মুক্ত তথ্য – তথ্যৰ ব্যৱহাৰ আৰু পুনৰ্ব্যৱহৰাৰ পদক্ষেপসমূহ
  • শাসন আৰু কৌশল (বৈকল্পিকভাৱে, শাসন বা কৌশল) – গাঁথনি আৰু সংস্কাৰ-কেন্দ্ৰিক আলোচনা, আন্দোলনৰ কৌশলৰ মূল পদক্ষেপসমূহ
  • উদ্দাম ধাৰণা – ৱিকিমিডিয়া-সম্পৰ্কীয় যিকোনো বস্তু যি ওপৰৰ কোনো এটাৰ সৈতেও ভালদৰে খাপ নাখায় বা ইমানেই উদ্দাম যে ইয়াক নিজা এটা শ্ৰেণীৰ প্ৰয়োজন!

অধিৱেশনৰ সজ্জাসমূহ

আমি অনছাইট, ভাৰ্চুৱেল আৰু হাইব্ৰিড অধিৱেশনসমূহৰ প্ৰতি সমৰ্থন আগবঢ়াম। আমি পাছলৈ লজিষ্টিক্স সম্বন্ধে অধিক তথ্য আগবঢ়াম। অৱশ্যে, এতিয়া আমি এইকেইটা নিশ্চিত কৰিব পাৰিম:

  • ভাৰ্চুৱেল অধিৱেশনসমূহ আগতীয়াকৈ ৰেকৰ্ড কৰিব লাগিব
  • উপস্থাপনকাৰী আৰু দৰ্শক উভয়ে হাইব্ৰিড অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সংযোগ স্থাপন কৰিব পাৰিব। অৱশ্যে, দূৰৱৰ্তী আৰু অনছাইট অংশগ্ৰহণকাৰীসকলৰ মাজত লাইভ ভাৱ-বিনিময় সীমিত হ’ব পাৰে।

অধিৱেশনৰ প্ৰকাৰসমূহ

  • কৰ্মশালা (৮৫ মিনিট) – সমাধান বিচাৰি উলিয়াবলৈ বা শিক্ষণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ পাৰস্পৰিকভাৱে ক্ৰিয়াশীল সজ্জা
  • প্ৰদৰ্শন (৪০ মিনিট) – উদাহৰণস্বৰূপে কোনো সঁজুলিৰ লাইভ প্ৰদৰৰ্শন, সম্ভৱতঃ পাৰস্পৰিকভাৱে ক্ৰিয়াশীল উপাদানৰ সৈতে
  • বক্তৃতা (২৫ মিনিট)
  • পেনেল (৫৫ মিনিট) – কেইবাজনো অৱদানকাৰী আৰু দৰ্শকৰ সৈতে এক আলোচনা
  • গোলটেবুল বৈঠক (৪০ মিনিট) – এনে এক আলোচনা য’ত সকলোৰে অংশগ্ৰহণ কৰাৰ সমান অধিকাৰ আছে
  • ক্ষিপ্ৰ আলোচনা (৫ মিনিট) – কোনো ধাৰণা বা কাহিনীৰ দ্ৰুত উপস্থাপন
  • প’ষ্টাৰ (সময়সীমা প্ৰযোজ্য নহয়–ভগাই লোৱা প’ষ্টাৰ অধিৱেশনৰ অংশ হ’ব) – প’ষ্টাৰসমূহ গ্ৰহণ কৰাৰ পাছতেই ফাইল হিচাপে জমা দিব লাগিব
  • অন্যান্য। অনুগ্ৰহ কৰি টোকাৰ শাখাত উল্লেখ কৰক (২৫ মিনিট) – ওপৰৰ কোনো এটা সজ্জাৰ সৈতেও খাপ নোখোৱা যিকোনো বস্তু

সততে উত্থাপিত প্ৰশ্নসমূহ

মই এগৰাকী বক্তা। মই অধিক তথ্য ক’ত পাম?

অনুগ্ৰহ কৰি বক্তাৰ সম্পদ-সম্পৰ্কীয় পৃষ্ঠা চাওক।

কাৰ্যসূচী ৱিকিত উপলব্ধ হ’বনে?

ৱিকিমেনিয়া সমাপ্ত হোৱালৈকে কাৰ্যসূচী কেৱল Eventyay-ত উপলব্ধ হ’ব যি সময়সূচী সম্বন্ধে সঠিক তথ্যৰ একমাত্ৰ উৎস। আমি ৱিকিমেনিয়া সমাপ্ত হোৱাৰ পাছত ইয়াক ৱিকিলৈ কপি কৰিম।

যোগাযোগ / সহায় / এই পৃষ্ঠাত উত্তৰ নোপোৱা মোৰ কেইটামান প্ৰশ্ন আছে।

  • wikimania(_AT_)wikimedia.org-লৈ এটা ইমেইল বাৰ্তা লিখক।
  • আমি অনুৰোধ জনাইছোঁ যে কৃপা কৰি আমালৈ ছ’চিয়েল মিডিয়াত প্ৰশ্ন নপঠিয়াব – আমি আপোনালোকক আপডে’ট দিবলৈ ফে’চবুক, টুইটাৰ আদিৰ প্ৰ’ফাইলবোৰ ব্যৱহাৰ কৰোঁ যদিও আমি তাৰে ইনবক্সবোৰ ইমান সঘনাই নাচাওঁ।

লগতে চাওক